Show/Hide Keyboard Layout

লাজৰ নাম ৰঙীন পলাশ

- মনীষা হাজৰিকা

লাজৰ নাম ৰঙীন পলাশ

প্ৰেমৰ নাম যে আকাশ

বিৰহৰ নাম তপত মৰু

মৰমৰ নাম সুবাস ।

 

এই অনুভৱ ফুলৰ দৰেই

তোমাৰ পথত দিলোঁ

মোৰ অনুৰাগ এটি সুৰ কৰি

তোমাৰ কাষত থলোঁ

আশাতো নহয় ক্ষমাহীনে

চকুলোৰে ভৰা নিৰাশ ।

 

তোমাৰ নাম যদি জুৰি থওক

কঠিন মাটিত বোৱা

নামটি ললেই বা জিৰ্ জিৰ্

সজল বতাহ বোৱা

বেয়া পাবা নেকি

পাবা নেকি তুমি

দিবানে এধানি আভাস ।

Hits: 2025